← Back to Clients
CLIENT SHOWCASE · FOOD VILLA, JORHAT

The Alchemy of Joy

Happiness/সুখ

The Alchemy of Joy: A Story of Happiness - Mural installation at Food Villa, Jorhat by Livingart™
PROJECT: Food Villa, Jorhat
INSTALLATION: "Happiness" (সুখ)
MATERIALS: Scrap Metal, 3D/2D Aluminium & Acrylics
ARTIST: Neelim Mahanta & Livingart™ Team

Experience our hummingbird art installation! Take a seat near the artwork to enjoy the musical ambient sounds, featuring bird songs played every 15 minutes.

READ NARRATIVE IN:
অসমীয়া · ASSAMESE NARRATIVE

আনন্দৰ ৰসায়ন: "সুখ"ৰ এক কাহিনী

অত্যধিক দ্ৰুত গতিত চলা এই পৃথিৱীখনত, আমি আপোনাক ক্ষন্তেক থমকি ৰবলৈ আৰু আমাৰ মাজত ৰৈ যোৱা অৱশিষ্টবোৰৰ ফালে চাবলৈ আমন্ত্ৰণ জনাইছো।

"সুখ" কেৱল এটা শিল্পকৰ্মই নহয়; ই এক ৰূপান্তৰ। ইয়াৰ যাত্ৰা আৰম্ভ হৈছিল কিছুমান পাহৰণিৰ গৰ্ভত হেৰাই যোৱা বস্তুৰ পৰা— পেলনীয়া লোৰ টুকুৰা আৰু ঔদ্যোগিক এলুমিনিয়ামৰ চেঁচা শ্বীট। নিজাববীয়াকৈ এই টুকুৰাবোৰ আছিল নিস্তব্ধ, গধুৰ আৰু অৱহেলিত। কিন্তু এজন শিল্পীৰ হাতৰ পৰশত এইবোৰে লাভ কৰিছে এক দ্বিতীয় জীৱন বা এটি নতুন আত্মা।

হামিংবাৰ্ডৰ নৃত্য

এই শিল্পকৰ্মটোৰ কেন্দ্ৰবিন্দুত দুটা হামিংবাৰ্ডক এক নিৰ্ভেজাল আৰু উজ্জ্বল মূহূৰ্তত আৱদ্ধ কৰা হৈছে। এটা পক্ষী ত্ৰিমাত্ৰিক (3D) ৰূপত জিলিকি উঠিছে, যাৰ ডেউকা দুখনে বতাহত কঁপনি তুলি থকা যেন লাগে; আনহাতে আনটো পক্ষী দেৱালৰ গাত এটা দ্বিমাত্ৰিক (2D) ছাঁৰ দৰে বিৰাজমান— যেন আকাশত উৰি থকা এটা স্মৃতিহে। এটা সজীৱ ফুলৰ পৰা মৌ পান কৰাৰ সেই উশাহহীন মূহূৰ্তটোত সিহঁত থমকি ৰৈছে।

যেতিয়া সিহঁতে ফুলৰ মৌৰ সোৱাদ লবলৈ আগবাঢ়ি যায়, সিহঁতে জীৱনৰ প্ৰকৃত সাৰমৰ্মক প্ৰতিনিধিত্ব কৰে: আটাইতকৈ দুৰূহ স্থানতো জীৱনৰ মাধুৰ্য বিচাৰি পোৱাৰ এক নিৰন্তৰ প্ৰচেষ্টা।

অসাৰৰ পৰা অসাধাৰণলৈ

আমি এই সামগ্ৰীবোৰ এক বিশেষ কাৰণত বাছি লৈছো। পেলনীয়া ধাতুৱে আমাৰ জীৱনৰ "ব্যৱহাৰ হৈ যোৱা" অংশবোৰক সূচায়— আমাৰ ভুলবোৰ, অৱশিষ্টবোৰ আৰু আমাৰ পুৰণি কাহিনীসমূহ। এলুমিনিয়ামে আমাৰ ভিতৰত থকা শক্তি আৰু প্ৰতিভাক প্ৰতিফলিত কৰে। যেতিয়া এই সকলোবোৰ একত্ৰিত হয়, তেতিয়া ই আমাক শিকায় যে "সুখ" কোনো তৈয়াৰী বস্তু নহয়; সুখ হ’ল এনে এক সম্পদ যিটো আপুনি আপোনাৰ ওচৰত থকা অৱশিষ্টখিনিৰেই গঢ়ি তুলিব পাৰে।

সপোন দেখাসকললৈ এখনি নিমন্ত্ৰণ

আমি এই শিল্পকৰ্মটো ইয়াত, এই আহাৰ আৰু মিলনৰ থলিত কেৱল চকুৰ তৃপ্তিৰ বাবে স্থাপন কৰা নাই।

অতিথিসকললৈ: এই শিল্পই আপোনাক সোঁৱৰাই দিয়ক যে আটাইতকৈ কঠিন আৰু নিৰানন্দময় দিনবোৰকো পুনৰ এক নতুন ৰূপ দি আকাশত উৰিব পৰাকৈ পাতল কৰি তুলিব পাৰি।

শিশুসকললৈ: এই শিল্পটোৰ প্ৰতিটো ভাঁজ আৰু গঠনলৈ নিৰীক্ষণ কৰা। তুমি দেখা প্ৰতিটো বস্তুৱেই এসময়ত অন্য কিবা আছিল। ই হয়তো এখন ধাতুৰ পাত আছিল, বা এটা বল্টু বা এটা সাধাৰণ টুকুৰা।

আমাৰ আশা অতি সৰল: আপুনি যেতিয়া আহাৰ গ্ৰহণ কৰি এই পক্ষী দুটালৈ চাব, তেতিয়া আপোনাৰ মনত যেন এটা প্ৰশ্ন জাগে— "মই নোৱাৰো নেকি?" আপুনিও কিয় হাতত এটা সঁজুলি তুলি নলয়? কিয় এডাল তাঁৰ ভাঁজ কৰি কিবা এটা গঢ়িবলৈ চেষ্টা নকৰে? আপোনাৰ এটা নতুন চিন্তাৰ "অসাৰ টুকুৰা"বোৰক কিয় আপোনাৰ নিজৰ শ্ৰেষ্ঠ শিল্পলৈ ৰূপান্তৰ নকৰে?

"সুখ" হ’ল এই কথাৰ এক সোঁৱৰণী যে— সৃজনীশীলতা হ’ল এটা ধাতুৰ টুকুৰা আৰু এটা স্পন্দিত হৃদয়ৰ মাজৰ আটাইতকৈ চুটি আৰু সুন্দৰ পথ।
ENGLISH NARRATIVE

The Alchemy of Joy: A Story of "Happiness"

In a world that often moves too fast, we invite you to pause and look at what remains.

"Happiness" is not just an artwork; it is a transformation. It began as a collection of forgotten things—jagged fragments of scrap and cold sheets of industrial aluminum. By themselves, these pieces were silent, heavy, and overlooked. But through the hands of the artist, they have been given a second soul.

The Dance of the Hummingbirds

At the heart of this piece, two hummingbirds are caught in a moment of pure, shimmering intent. One is rendered in deep 3D relief, its wings appearing to vibrate against the air, while the other exists in a 2D shadow, a memory of flight against the wall. They are suspended in that breathless second of discovery, drawn toward a single, vibrant flower.

As they lean in to taste the nectar, they represent the very essence of life: the relentless pursuit of sweetness, even in the most unlikely places.

From Scrap to Spirit

We chose these materials for a reason. Scrap metal represents the "used up" parts of our lives—the mistakes, the leftovers, and the old stories. Aluminum represents the strength and brilliance we carry within. When combined, they show us that Happiness is not something you find perfectly made; it is something you build from what you have.

An Invitation to the Dreamers

We have placed this installation here, in this space of gathering and nourishment, to be more than just a visual treat.

To the guests: May this remind you that even the most metallic, cold days can be reshaped into something light enough to fly.

To the children: Look closely at the edges and the textures. Everything you see was once something else. It was a sheet, a bolt, a fragment.

Our hope is simple: That as you share a meal and look upon these birds, you feel a spark of "Why not?" Why not pick up a tool? Why not bend a wire? Why not take the "scrap" of a new idea and turn it into your own masterpiece?

"Happiness" is a reminder that creativity is the shortest, most beautiful bridge between a piece of metal and a beating heart.